দুবৰি উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ – Health Benefits of Dubori

দুবৰি উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ – Health Benefits of Dubori

পৃথিৱী ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত গুণেৰে ভৰপূৰ । পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। ভাৰতৰ লগতে অসমতো এই ঔষদিযুক্ত উদ্ভিদবোৰ বেমাৰ, চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ আহিছে। এনে এবিধ ভাৰত তথা অসমত পোৱা উৎকৃষ্ট বনৌষধিযুক্ত উদ্ভিদ হ’ল দুবৰিবন  (Cynodon Dactylon)। প্ৰাচীন কালৰে পৰা বৰ্তামানলৈকে দুবৰিবন বিভিন্ন ধৰণৰ ৰোগ নিৰাময় ক্ষেত্ৰত ব্যৱহৃত হৈ আহিছে।

দুবৰি বন কি ?

দুবৰিবন হ’ল এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। দুবৰিৰ পাত সেউজীয়া ৰঙৰ হয় আৰু গুৰিৰ পৰা প্ৰায় ২-১৫ ছে:মি: দীঘল হয়। দুবৰিবনৰ বুঢ়াপাতবোৰ অলপ খহটা হয়। দুবৰিৰ গুটিবোৰ সৰু হয় যদিও গা – গছৰ ধাৱকেৰে  বংশবৃদ্ধি বেছিকৈ হয়। ইয়াৰ মূল শিপা প্ৰণালী মাটিক খামুচি মাটি ধৰে আৰু খৰাং পৰিস্থিতিত ২ মিটাৰ পৰ্যন্ত দীঘল হ’ব পাৰে ।ধাৱক গা – গছৰ গাঁঠিৰ পৰাও সৰু সৰু শিপাও ওলায়। এই শিপা খুব বেছি ৬০  ছে:মি: দীঘল হয় আৰু মাটিৰ ওপৰত ডাঠকৈ বিয়পি পৰে। উচ্চ উষ্ণতাত ইয়াৰ বৃদ্ধি ভাল হয়। শীতকালত ইয়াৰ বৃদ্ধি আটাইতকৈ কম হয়।

দুবৰি উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ

দুবৰি উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ
দুবৰি উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ

ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ব আছে। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।  আয়ুৰ্বেদত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ  হিচাপে গণ্য কৰা হয়। ইয়াক আয়ুৰ্বেদিক ঔষধ হিচাপে এটি ঐতিহ্যবাহী ভেষজ হিচাপে ব্যৱহৃত হৈ আহিছে। এই দুবৰি বনৰ স্বাহ্যসম্পৰ্কীয় বৈশিষ্টৰ  কাৰণে জনপ্ৰিয়তা আছে। দুবৰি বনত  কেলচিয়াম (Calcium), ফচফৰাচ (Phosphorus), ফাইবাৰ (Fiber), পটাচিয়াম (Potassium) আৰু প্ৰটিন (Protein) আছে যিয়ে বিভিন্ন ধৰণৰ  স্বাস্থ্য সুবিধা প্ৰদান কৰে। ঔষধি গুণেৰে ভৰপূৰ হোৱাৰ বাবে আয়ুৰ্বেদিক শাস্ত্ৰত  ইয়াক মহৌষধি  বোলা হয়। দুবৰি বনৰ অন্য কিছুমান নামো আছে। সেইবোৰ হ’ল – 

  • সংস্কৃত ভাষাত – দূৰ্বা , অনন্ত , ভাগতী, সহস্ত্ৰীবীৰ্য , শতবল্লী 
  • হিন্দী ভাষাত – দুব 
  • বাংলা ভাষাত – দূৰ্বা 
  • মাৰাঠী ভাষাত –  দূৰ্বা  
  • গুজৰাটী ভাষাত – ধলাধ্ৰু  

দুবৰি বনৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন (Scientific Classification):

  • জগৎ / ৰাজ্য: Plantae 
  • অশ্ৰেনিকৃত : Angiosperms 
  • অশ্ৰেনীকৃত : Monocots
  • অশ্ৰেনীকৃত: Commelinids 
  • বৰ্গ: Poales 
  • পৰিয়াল (Family): Poaceae 
  •  গণ: Cynodon 
  • প্ৰজাতি: C . dactylon 
  • বৈজ্ঞানিক নাম (Scientific name): Cynodon Dactylon 

দুবৰি বনৰ উপকাৰিতা (Benefits of Cynodon Dactylon)

. সন্তান ধাৰণ /গৰ্ভধাৰণত উপকাৰী (Helps in conceiving) 

দুবৰিবন সন্তান ধাৰণৰ ক্ষেত্ৰত সম্ভৱনাময় ঔষধ। গৰ্ভধাৰণৰত অসমৰ্থ হʼলে দুবৰিবন  আলোৱা চাউল একেলগে বটি বড়া  বনাই ভাতৰ লগত সপ্তাহত তিনি / চাৰিদিনকৈ খালে উপকাৰ পোৱা সম্ভৱ হয় । 

২. পুৰাতন আমাশয় আৰু পুৰাতন উদৰাময়েত ব্যৱহাৰ (Used in Chronic Diarrhea and Chronic) 

পুৰাতন আমাশয় আৰু পুৰাতন উদাৰময়েত দুবৰি বনৰ ৰস ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াত দুবৰি বনৰ ৰস এৱা গাখীৰৰ লগত মিহলাই খালে উপকাৰ পোৱা যায়। আমাশয়ত দুবৰি বনৰ ৰস ২ ৰ পৰা ৩ চামুচ ডলিমৰ পাত বা ডালিমৰ ছালৰ ৰস ৪ ৰ পৰা ৫ চামুচ মিহলাই প্ৰতিদিনে ৩ বা ৪ বাৰ খাব লাগে। এনেকৈ ১০ ৰ পৰা ১৫ দিন খালে অমাশয় ভাল হয় যায়। 

. ৰক্তপিত ৰোগত ব্যৱহাৰ (Used in Hemorrhagic disease) 

আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত ৰোগত দুবৰি বন মহৌষদ।  এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত শ্ৰাৱ হ’ব  পাৰে। এই ক্ষেত্ৰত দুবৰি বনৰ ৰসৰ লগত কেঁচা গাখীৰ মিহলাই খুৱালে ৰোগৰ উপশম হয়।

৪. চুলি সৰা কমাবৰ  বাবে উপযোগী (Beneficial in preventing Hair fall

যাৰ খুব চুলি সৰে তেওঁ এটি পাত্ৰত ১ লিটাৰ নাৰিকল তেল কম তাপত গৰম কৰি লয় তাৰ পিছত দুবৰি বনৰ ৰস ২০০মি:লি: সমূহ তেলত মিহলাই পুনৰ গৰম কৰক। জুইৰ পৰা নমাই ছেকি সংৰক্ষণ কৰি ৰাখিব। গা-ধুৱাৰ এঘণ্টা আগত সেই তেল চুলিত ভালদৰে লগাওক। নিয়মিত ২ ৰ পৰা ৩ বাৰকৈ মাহত ব্যৱহাৰ কৰিলে চুলিসৰা  বন্ধ হ’ব। 

Read Also: ২০ লঙৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and Uses

. দাঁতৰ পৰা তেজ ওলোৱা /পায়েৰীয়াৰ বাবে উপযোগী (Beneficial in Pyorrhea)

দুবৰি বন পায়েৰীয়া ৰোগ নিৰাময়ৰ বাবে এক উল্লেখনীয় ঔষধ। পায়েৰিয়া ৰোগ হ’লে  – দুবৰি বনৰ  গুড়িৰে  দাঁত   মাজিলে পায়েৰিয়া (দাঁতৰ পৰা তেজ ওলোৱা) কমে। 

৬. এনিমিয়া বা ৰক্তহীনতাত দুবৰি বন উপযোগী (Beneficial in Anemia)

দুবৰি বনত থকা ৬৫%  ক্লৰʼফিল (Chlorophyll) এ লোহিত ৰক্ত কণিকা (Red Blood Cell) আৰু হিমগ্লবিন (Hemoglobin) বঢ়াই এনিমিয়া ( Anemia) প্ৰতিৰোধ কৰাত সহায় কৰে। 

. ডিটক্সিং এজেন্ট হিচাপে দুবৰি( Cynodon Dactylon as Detoxifying Agent) 

দুবৰি বনে detoxing agent ৰূপে লিভাৰ, শৰীৰৰ কোষ আৰু তেজ Chlorophyll ৰ  দ্বাৰ পৰিষ্কাৰ কৰে। 

.মধুমেহত উপকাৰী (Beneficial in Diabetes)

 দুবৰি বনৰ ৰসৰ লগত দুখিলা নিম পাতে শৰীৰৰ  শৰ্বৰা  মাত্ৰা (Sugar level) কমাই। অকল দুবৰি বনৰ ৰসেও তেজৰ শৰ্বৰা কমাই মধুমেহ নিয়ন্ত্ৰণ কৰাত সহায়ক হʼব পাৰে।

Also Read: Effective Ways to Minimize Damaging Impacts of Diabetes

. কিডনীষ্টোনৰ বাবে উপযোগী (Useful for kidney stones)

দুবৰি বনৰ ৰসে diuretics হিচাপে কাম কৰে অৰ্থাত এই বনৌষধিবিধে মূত্ৰনিষ্কাশনৰ পৰিমাণ বৃদ্ধি কৰি বৃক্কত হোৱা পাথৰ (kidney stone)  প্ৰাকৃতিক ভাবে শৰীৰৰ পৰা উলিয়াই দিব পাৰে। লগত প্ৰস্ৰাৱৰ সংক্ৰমণ/ইউৰিণেৰী  ইনফেক্সন (Urinary Infection) আৰোগ্য কৰে। 

১০শ্বাসকষ্ট উপকাৰী (Useful in Shortness of Breath)

দুবৰি বনৰ ৰসে হাওঁফাওঁ পৰিষ্কাৰ কৰি চৰ্দি (colds), কাঁহ (coughs), ব্ৰংকাইটিছ (bronchitis) আৰু হাপানি (Asthma) নিৰাময় কৰে।  

১১. ৰক্তক্ষৰণ বন্ধ কৰাত উপকাৰী (Helps in Bloodclotting)

দুবৰি বনে সাধাৰণ কটা – চিঙাৰ ৰক্তক্ষৰণ বন্ধ কৰে। যষ্ঠি মধুৰ শিপা আৰু দুবৰি বন নাৰিকল তেলত ১৫ মিনিট উতলাই প্ৰলেপ দিলে খৰ (wound) ভাল হয়। 

১২. ভুকলগা নিয়ন্ত্ৰণ (Controls Appetite)

দুবৰি বনৰ ৰসে অতিমাত্ৰা ভুকলগা নিয়ন্ত্ৰণ কৰি Obesity  দূৰ কৰে। 

 ১৩. হৃদযন্ত্ৰৰ বাবে উপকাৰী (Beneficial for Heart) 

দুবৰি বনত ভিটামিন A  আৰু C আছে যি এন্টিঅক্সিডেণ্ট  হিচাপে হৃদয়ৰ ষ্ট্ৰোক (Heart stroke) আৰু কেনচাৰ (Cancer) প্ৰতিৰোধ কৰে। নাৰিকল তেলত থকাৰ দৰে দুবৰি বনত Palmitic Acid পোৱা যায় যিয়ে Atherosclerosis ত কাম দিয়ে ।

Read Also: Curry Leaves: 14 Health Benefits, Uses, and Side Effects

ওপৰত উল্লেখ কৰা দুবৰি উপকাৰিতা উপৰিও দুবৰি বনৰ অন্য উপকাৰ আছে। সেয়া হ’ল-  

  • দুবৰি বনত প্ৰচুৰ ফ্লেভনয়েডচ (Flavonoids) থাকে যিয়ে আলচাৰ (Ulcer) প্ৰতিৰোধীৰ কাম কৰে। 
  • দুবৰি বনে  গ্লোকোজৰ পৰিমাণ কম কৰি ডায়েবেটিজ নিয়ন্ত্ৰণ কৰিব পাৰে। 
  • তেজৰ কলেষ্ট্ৰলৰ মাত্ৰা (cholesterol level) কম কৰি হৃদপিণ্ডক সুস্থ কৰি ৰাখে।
  • চৰ্দি  – কাঁহৰ সমস্যাও দূৰ কৰে।

দুবৰি বন কিদৰে ব্যৱহাৰ কৰিব ? (How to use Cynodon Dactylon?)

দুবৰি বনক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পৰা যায়। দুবৰি বনক জুচ হিচাপে, ৰস হিচাপে, পেষ্ট হিচাপে, দুবৰি বন নাৰিকল তেলৰ লগত মিহলাই আৰু ঔষধ হিচাপেও ব্যৱহাৰ কৰা হ’য়। দুবৰি বনৰ আন কিছুমান ব্যৱহাৰো আছে সেইবোৰ হ’ল –

  • শৰীৰৰ কোনো স্থানত কাটিলে দুবৰি বন থেতালি আক্ৰান্ত স্থানত প্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়। এই ক্ষেত্ৰত দুবৰিৰ শিপাও ব্যৱহাৰ কৰিলে বেছি সুফল পোৱা যায়। 
  • বমি বমি ভাৱ বন্ধ কৰাৰ বাবে দুবৰি বনৰ ৰস ২ ৰ পৰা ৩ চামুচ ১ চাহৰ চামুচত জোখি চেনিৰ লগত মিহলাই এঘণ্টা পিছে পিছে খাব লাগে। বমি ভাৱ কমি গলে খোৱা বন্ধ কৰিব লাগে।
  • শ্বেতপ্ৰদ জনিত দুৰ্বলতাত দুবৰি বন আৰু কেঁচা হালধীৰ ৰস সম পৰিমাণে মিহলাই খালে ৰোগীৰ দুৰ্বলতা কমি যায়। 
  • প্ৰসাৱ কৰাত কষ্ট হয় অথচ পাত্থৰ  নহয়। এই ক্ষেত্ৰত দুবৰি বনৰ ৰস গাখীৰ আৰু পানী মিহলাই খালে ভাল পৰিণাম পোৱা যায়। যদিহে অৰ্শৰোগ থাকে তেতিয়াহ’লে ইয়াক নোখোৱাই ভাল। 

কেতিয়া দুবৰি বন ব্যৱহাৰ কৰিব ?

উপৰোক্ত ৰোগ তথা বিভিন্ন সমস্যাসমূহ নিৰাময়ত দুবৰি উপকাৰিতা ল’বলৈ ইয়াক জুচ, ৰস, পেষ্ট আদি ৰূপত ব্যৱহাৰ কৰিব পাৰি।

দুবৰি বনৰ পাশ্বক্ৰিয়া (Side effects of Cynodon Dactylon)

যিকোনো বস্তুৰ অতিপাত উপয়োগে কেতিয়াবা লাভৰ সলনি ক্ষতিকাৰক হ’ব পাৰে । তদুপৰি দুবৰি বনৰ সুবিধা বেছিকৈ আৰু অসুবিধা খুবেই কম। অৰ্শৰোগ হʼলে দুবৰি বনৰ সেৱন কৰিব নালাগে, যদি কৰা হয় তেন্তে দেহৰ বাবে ক্ষতিকাৰক হয়।  যিকোনো ৰোগ নিৰাময়ৰ বাবে সমকলো জোখৰ মতে সেৱন কৰাই লাভজনক।

সামৰণি

উপৰোক্ত প্ৰবন্ধটিত উল্লেখিত দুবৰি বনৰ পৰিচয়মূলক বৰ্ণনা, ইয়াৰ পুষ্টিগত গুণাগুণ, উপকাৰিতা আৰু অপকাৰিতা আদিৰ লগতে এই ভেষজবিধ কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়ে জানিব পাৰিলে। আশা কৰো এই প্ৰৱন্ধটিয়ে আপোনাক বিভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ ! 

FAQ

১) দুবৰি কিহৰ বাবে ব্যৱহাৰ কৰা হয়?

উঃ- উনানি ঔষধ প্ৰণালী অনুসৰি, এই উদ্ভিদ তিতা, তীক্ষ্ণ গৰম সোৱাদ, ভাল গোন্ধ, ৰেচক, মগজু আৰু হৃদযন্ত্ৰৰ টনিক, কামোদ্দীপক, এমেথিক, এমেনাগোগ, প্ৰত্যাশিত, কাৰ্মিনেটিভ আৰু শিশুৰ গ্ৰিপৰ বিৰুদ্ধে উপযোগী, লগতে ই বিষ, প্ৰদাহ, আৰু দাঁতৰ বিষৰ বাবে উপকাৰী।

২) মই দুবৰি কেনেদৰে চিনাক্ত কৰিম?

উঃ- এই প্ৰজাতিটোৰ বিশেষত্ববোৰ হৈছে লিগুল, যি হৈছে বগা চুলিৰ এক সুস্পষ্ট আঙুঠি; লেম্মা, যাৰ কীলত চুলিৰ প্ৰান্ত আছে; আৰু পাতবোৰৰ প্ৰায়ে ধূসৰ-সেউজীয়া ৰং।

৩) দুবৰি চিৰস্থায়ী উদ্ভিদ নেকি?

উঃ- দুবৰি, হৈছে দীঘল প্ৰষ্ট্ৰেট কাণ্ডৰ সৈতে বিয়পি থকা এক বাৰ্ষিক ঘাঁহ  যাৰ শিপাবোৰ ইয়াৰ গাঠিবোৰৰ পৰা ওলায়।

৪) দুবৰিক কিমান সঘনাই পানীৰ প্ৰয়োজন হয়?

উঃ- গ্ৰীষ্মকালত ইয়াৰ ৰং বজাই ৰাখিবলৈ দুবৰিক সাপ্তাহিক ভিত্তিত ১ ৰ পৰা ১.২৫ ইঞ্চি পানীৰ প্ৰয়োজন। বালিময় মাটিত ইয়াক অধিক সঘনাই পানীৰ প্ৰয়োজন হয়, যেনে প্ৰতি তৃতীয় দিনত ০.৫ ইঞ্চি পানী।  

৫) দুবৰি কটাটোৱে ইয়াক বৃদ্ধি হোৱাত সহায় কৰে নেকি?

উঃ- যেতিয়া আপুনি ঘাঁহবোৰ চুটি কৰে, ই মাটিত বহুত দ্ৰুতগতিত বৃদ্ধি হয়। কাটিলে ই দ্ৰুত বিকাশিত হয় আৰু এই ঘাঁহ যথেষ্ট পৰিমাণে ডাঠ হৈ উঠে।

 Disclaimer: The information included at HelthyLeaf is for educational purposes only and is not intended to be a substitute for medical treatment by a healthcare professional. Because of unique individual needs, the reader should consult their physician to determine the appropriateness of the information for the reader’s situation.

Author: Rubina Rahman Saikia

Leave a Reply