আমাৰ স্বাস্থ্য ৰক্ষাত এলভেৰাৰ গুৰুত্ব – Role of Aloe Vera in our Health

আমাৰ স্বাস্থ্য ৰক্ষাত এলভেৰাৰ গুৰুত্ব – Role of Aloe Vera in our Health

চমু পৰিচয়

ঘৰুৱা সৌন্দৰ্য্যৰ বাবে ব্যৱহৃত এবিধ ঔষধিগুণসম্পন্ন এবিধ গছ হ’ল এলভেৰা (Aloe Vera) যাক অসমীয়াত ছালকুঁৱৰী বুলি জনা যায়। সাধাৰণতে ২-৩ ফুট উচ্চতাৰ এই গছজোপাৰ পাতসমূহ পাতল সেউজীয়া ৰঙৰ, মঙহাল, ডাঠ তথা চেপেটা আকৃতিৰ।পাতসমূহ প্ৰতিৰক্ষাৰ হেতু কিছু পৰিমানে জোঙা আকৃতিৰ কাঁইটলৈ ৰূপান্তৰিত হয়। সাধাৰণতে ফুলৰ টাব তথা টাব আকৃতিৰ সামগ্ৰীত এলভেৰাৰ ৰূপন কৰা হয়। অসমৰ প্ৰায় সকলো ঠাইতে এলভেৰা পোৱা যায়।

আমাৰ স্বাস্থ্য ৰক্ষাত এলভেৰাৰ গুৰুত্ব - Role of Aloe Vera in our Health
এলভেৰা উদ্ভিদ

এলভেৰা গছৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন (Scientific Classification of Aloe Vera)

ৰাজ্য : উদ্ভিদ Kingdom : Plantae

শ্ৰেণী : সপুস্পক Phylum : Angiospermae

বৰ্গ : এচপাৰাগেলছ Order : Asparagales

পৰিয়াল : এচফদেলাছি Family : Asphodelaceae

গৌণ : এ’ল Genus : Aloe

প্ৰজাতি : বাৰ্বেডেনছিছ Species : barbadensis

বৈজ্ঞানিক নাম : এ’ল বাৰ্বেডেনছিছ Scientific name : Aloe barbadensis

এলভেৰা গছৰ উপলব্ধতা আৰু ইয়াৰ কৃষিপদ্ধতি (Distribution and Cultivation Process of Aloe Vera)

এলভেৰাৰ ইতিহাস (History of Aloe vera)

এলভেৰা যদিও প্ৰথমে প্ৰাকৃতিকভাৱে পোৱা গৈছিল কিন্তু বৰ্তমান সময়ত বাগিছা গছ (gardening plants) হিচাপেহে বেছি সহজলভ্য। এলভেৰা প্ৰাকৃতিক ভাৱে (wildly) মূলতঃ আৰৱ মহাদ্বীপৰ দক্ষিণাৰ্ধ (Arab Southern hemisphere), উত্তৰ আফ্ৰিকা (East Africa) তথা কেলৰি, কেপ’ভাডে (Capodave) আৰু মাডেইৰা দীপপুন্জ (Madeira island) আৰু প্ৰতিবেশী দেশসমূহত পোৱা গৈছিল। পিছৰ পৰ্যায়ত চীন আৰু পৃথিৱীৰ অন্যান্য অঞ্চললৈ এলভেৰা আগমন ঘটে। 

কৃষি (Cultivation)

প্ৰাকৃতিকভাৱে  ফুল আৰু বীজৰ  পৰাই ইহঁতৰ বংশবিস্তাৰ হয় যদিও পৰম্পৰাগত কৃষি পদ্ধতিত এইবোৰৰ ব্যৱহাৰ নহয়। সাধাৰণতে অংগজ প্ৰজনন (Vegetative Propagation) দ্বাৰা ইহঁতৰ খেতি কৰা হয়। উষ্ণ জলবায়ু (Hot Climate) আৰু  বৰষুণ অধিক (Heavy Rain) হোৱা অঞ্চল এলভেৰা খেতিৰ বাবে উপযুক্ত। সকলো মাটিতে কম বেছি পৰিমানে ইয়াৰ খেতি ভাল হয় যদিও পানী অহা যোৱা কৰিব পৰা (Well drained)  সু ব্যৱস্থা থকা মাটিত ইয়াৰ উৎপাদন অধিক পৰিমানে হয়| মূল গছজোপাৰ পৰা  শিপাৰ অংশ উভালি আনি আন ঠাইত ৰোপণ কৰিব লাগে| মাটিডৰা ২-৩ বাৰ ভালদৰে চহাব লাগে আৰু শিপা সমুহ ৰোবৰ বাবে বিচনা (Soil Layer/bed ) তৈয়াৰ কৰা হয়| এক হেক্টৰ মাটিত পায় দহ হেজাৰ এলভেৰাৰ শিপা (Seedling) ৰুব পাৰি| ৯০*৯০ ছেমি ব্যৱধানত এলভেৰা ৰুব লাগে। এলভেৰা বছৰত দুটা সময় (Two season) ত – জুন-জুলাই (June-july) তথা ছেপ্তেম্বৰ-অক্টোবৰ (September-october) মাহত কৰিব লাগে| সাধাৰণতে কীট-পতংগ তথা বেমাৰৰ দ্বাৰা এলভেৰাৰ ইমান ক্ষতি সাধন নহয় গতিকে কীট-পতংগ নিয়ন্ত্ৰণৰ (Pest Management ) ব্যৱস্থা ইমান উপলব্ধ নহয়| তথাপি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে প্ৰতি হেক্টৰত ৩০ কেজি নাইট্ৰজেন ব্যৱহাৰ কৰিব পাৰি| প্ৰতি হেক্টৰত প্ৰায় ১৫ টন এলভেৰা পাত পোৱা যায়।

Read Also: ১২+ গিলইৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Giloy

ঘৰুাৱা পৰিসৰত এলভেৰা উৎপাদন (Aloe vera production in house gardens)

ওপৰৰ উল্লেখ কৰা পদ্ধতি সাধাৰণতে অধিক পৰিমানে উৎপাদন ব্যৱস্থাত ব্যৱহাৰ কৰা হয়| ঘৰুৱা সৌন্দৰ্য্য তথা ঘৰৰ ভিতৰত ৰুবৰ বাবে ফুলৰ টাব তথা টাবজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা হয়।| সাধাৰণতে বালি, মাটি আৰু পানীৰ সঠিক মিশ্ৰণেৰে ফুল টাবত ইয়াক ৰোপণ কৰিলে সহজে ডাঙৰ হয়। ৰ’দ পৰা ঠাইত টাববোৰ থব লাগে| ই সহজে যিকোনো পৰিবেশত জীয়াই (Survive) থাকিব পাৰে। সেয়েহে ঘৰৰ বাহিৰ তথা ঘৰৰ ভিতৰতো ই নিজৰ জীৱনচক্ৰ  সহজে সম্পূৰ্ণ কৰে।

এলভেৰাৰ থকা ৰাসায়নিক পদাৰ্থ (Chemical Elements presents in Aloe Vera)

এলভেৰাৰ পাত ঔষধ তথা সৌন্দৰ্য্যমূলক সামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। সাধাৰণতে এলভেৰাৰ পাতসমূহ গছৰ পৰা সংগ্ৰহ কৰি ওপৰৰ ছাল কাটি উলিয়াই ভিতৰৰ বিজলুৱা অংশৰে বিভিন্ন সামগ্ৰী বনোৱা হয়। এলভেৰাত বিভিন্ন প্ৰকাৰৰ প্ৰয়োজনীয় উপাদান পোৱা যায়। এলভেৰাত ১২ বিধ ভিটামিন (Vitamin), ১৮ বিধ এমিন এচিড (Amino acid), ২০ বিধ খনিজ পদাৰ্থ (Mineral), ৭৫ বিধ পুষ্টিযুক্ত পোষক দ্ৰৱ (Nutrient substance) পোৱা যায়| ইয়াৰ উপৰিও এন্টিবায়টিক (Antibiotic), বিভিন্ন  এন্টি চেপ্টীক (Antiseptics), এন্টি অস্কিডেন্ট (Antioxidant) পোৱা যায়| তদুপৰি এলভেৰাত বিভিন্ন ধৰণৰ উত্সেচকো (Enzyme) পোৱা যায় উদাহৰণ স্বৰুপে – এলকেলাইন (Alkaline), ফছফাটেজ (Phosphatase), এমাইলেজ (Amylase) আদি। এলভেৰাৰ  ৰসত প্ৰায় বাৰ বিধ এনথ্ৰাকুইনন্ছ (Anthraquinone) দ্ৰব্য পোৱা যায়। ইয়াৰে এলইন (Alloin) আৰু ইমডিন (Imodin) বিষনাশক, বেক্টেৰিয়া আৰু ভাইৰাছ ৰোধক। সেয়ে, স্বাস্থ্য সম্বন্ধীয় ব্যৱহাৰৰ ক্ষেত্ৰত এলভেৰাৰ গুৰুত্ব অধিক।

এলভেৰাৰ ঔষধি গুণাগুণ (Medicinal Qualities of Aloe Vera)

এলভেৰাৰ গুণাগুণবোৰ তলত উল্লেখ কৰা হʼল-

এলভেৰাৰ ৰস গালৰ শালমইনা (Pimples) দূৰ কৰাৰ ক্ষেত্ৰতো এলভেৰাৰ গুৰুত্ব পূৰ্ণ ব্যৱহাৰ মন কৰা যায়। এলভেৰাৰ ৰস পোনপটীয়াকৈ শালমইনা হোৱা ঠাইত প্ৰয়োগ কৰিব পাৰি অথবা ৰসৰ লগত কিছু পৰিমানে মৌজোল মিহলাই লগালে অধিক সুফল পোৱা যায়।

এলভেৰাৰ ৰসৰ লগত কিছু পৰিমানে হালধিৰ ৰস, মৌ, গাখীৰ আৰু গোলাপজল মিহলাই শুকান ছালত ব্যৱহাৰ কৰিলে ছাল মসৃণ তথা কোমল হয়

০ এলভেৰাত থকা প্ৰটিঅ’লাইটিক এনজাইমে মূৰৰ তালুৰ মৃত কোষ সজীৱ (Restores dead hair follicles) কৰে। চুলিত থকা প্ৰধান প্ৰটিনবিধ হল- কেৰাটিন (Keratin)। এলভেৰাত কেৰাটিনসদৃশ এবিধ দ্ৰব্য আছে, যি চুলি সতেজ, সজীৱ, কোমল কৰাৰ লগতে চুলি সৰা বন্ধ কৰাৰ বাবেও এলভেৰাৰ গুৰুত্ব আছে।

০ এলভেৰাৰ ৰস পেটৰ বিভিন্ন ৰোগ যেনে- টেমুনা, আলছাৰ, পিত্ত ইত্যাদি ৰোগৰ প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা হয়।

শিশুৰ পেটৰ কৃমি  ৰোগত এলভেৰাৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়।

যকৃত ৰোগত এলভেৰা ৰসৰ লগত কলা নিমখ আৰু আদা মিহলাই সেৱন কৰিলে সুফল পোৱা যায় ।

কাঁহ, চৰ্দীত এলভেৰা ৰস মৌজোলৰ সৈতে মিহলাই সেৱন কৰিলে সুফল পোৱা যায়। 

০ এলভেৰাৰ ৰসত থকা এণ্টিঅক্সিজেন গুণৰ বাবে বাৰ্ধক্যজনিত কাৰণত হোৱা বহু ৰোগৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। আনকি হৃদপিণ্ডৰ অসুখ আৰু মধুমেহ ৰোগৰ বাবেও এলভেৰাৰ গুৰুত্ব পূৰ্ণ উপকাৰ মন কৰা যায়। এলভেৰাৰ ৰস ঘৰতে তৈয়াৰ কৰি খাওঁতে সাৱধান হোৱা উচিত।

বদহজম, পেট ওখহা তথা পেটচলা ৰোগত এলভেৰাৰ চালাদ (salad ) খালে কিছু আৰাম পোৱা যায়।

০ এলভেৰা জুয়ে পোৰা, ছালৰ তৎক্ষণাত হোৱা দুৰ্ঘটনাৰ সময়ত বিষৰ উপশম হিচাপেও ব্যৱহাৰ কৰা হয়। 

০ আমি খোৱা খাদ্যৰ পৰা পাব লগা উপকাৰিতাত এলভেৰাই সহায় কৰে। ফলস্বৰূপে শৰীৰৰ ওজনৰ মাত্ৰা সঠিক ৰূপত থাকে।

দাঁতৰ গুৰিত জমা হোৱা শিলসদৃশ টান তৰপ আঁতৰ কৰাত এলভেৰা উপকাৰী। প্ৰকৃতাৰ্থত ষ্ট্ৰেপ্টকক্কাচ মিউটেনছ্ (Streptococcus Mutans) আৰু কেণ্ডিডা এলবিকাণ্স (Candida albicans) নামৰ দুবিধ বীজাণুৱে মুখৰ ভিতৰত এই তৈয়াৰ কৰে। এলভেৰাই এই দুয়োবিধ বীজাণু ধ্বংস কৰিব পাৰে।

০ এলভেৰাৰ ৰসত অধিক এণ্টি-অক্সিডেণ্ট (Antioxidant) থকা বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ মাংসপেশী সবল কৰাৰ লগতে শৰীৰক শক্তি প্ৰদান কৰাৰ ক্ষেত্ৰতো এলভেৰাৰ গুৰুত্ব মন কৰা যায়। এই সুফলবোৰ পাবৰ বাবে দীৰ্ঘদিন ধৰি এলভেৰাৰ ৰস গ্ৰহণ কৰা উচিত।

Read Also: ২৫+ গোন্ধোৱা বনৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and Uses of Whiteweed

এলভেৰা কিদৰে ব্যৱহাৰ কৰিব (How to Use Aloe Vera)

০ এলভেৰাৰ ৰস ঘৰতে তৈয়াৰ কৰিব পাৰি অথবা বজাৰত বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মিত পোৱা যায়। বজাৰৰ পৰা এলভেৰা কিনোতে কিছু সাৱধানতা অৱলম্বন কৰাটো জৰুৰী। পৰাপক্ষত প্ৰাকৃতিক আৰু বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা তৈয়াৰী এলভেৰা ৰস ব্যৱহাৰ কৰিব লাগে।

০ বজাৰত সহজলভ্য এলভেৰাৰ জেল ব্যৱহাৰ কৰিব পাৰি। এনে সামগ্ৰী কিনাৰ সময়তে তাৰ লগতে কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ সম্যক ধাৰনা দিয়া থাকে।

০ এলভেৰাৰ দ্বাৰা তৈয়াৰী দন্তমঞ্জন (Toothpaste ), মুখ চাফা কৰা পানীয় (Mouth Freshner ) তথা চাবোন পোৱা যায়। এইবোৰ তৈয়াৰ কৰোতে ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ একেবাৰে কম পৰিমানে থাকে যাৰ ফলত অপকাৰী দিশো কম।

০ এলভেৰাৰ দ্বাৰা তৈয়াৰী প্ৰশাধন (Cream), ফেচৱাছ আমাৰ ছাল তথা দৈহিক উজ্জ্বলতাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। বজাৰত ই তেনে সহজলভ্য।

List of Aloe Vera Products

এলভেৰাৰ অপকাৰিতা (Side effects of Aloe Vera)

যদিও ওপৰত কোৱা হৈছে যে এলভেৰাৰ ৰস বিভিন্ন ৰোগৰ প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা হয় কিন্তু ইয়াৰ পৰিমাণ তথা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সাৱধানতা লোৱাটো অতিকৈ প্ৰয়োজনীয়। অন্যথা অপকাৰ হোৱাৰ সম্ভাৱনা থাকে। পৰাপক্ষত বৈজ্ঞানিক পদ্ধতিৰে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰা উচিত। এলভেৰাৰ প্ৰয়োগৰ ফলত হ’ব পৰা বিভিন্ন শাৰীৰিক অপকাৰসমূহ তলত উল্লেখ কৰা হল –

এলাৰ্জী (Allergy) থকা মানুহে এলভেৰাৰ দ্বাৰা বনোৱা প্ৰসাধন সামগ্ৰী, ৰস ইত্যাদি ব্যৱহাৰ কৰিলে ছাল ৰঙা পৰা, জলা পোৰা আদিয়ে দেখা দিব পাৰে। এলভেৰাত থকা এলইন (Alloin) আৰু বাৰবিলন (Barbillon) দ্ৰৱ ইয়াৰ প্ৰধান কাৰণ। সেয়েহে এলাৰ্জী থকা মানুহে পৰাপক্ষত বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰিহে ব্যৱহাৰ কৰিব লাগে।

০ বহু বছৰ ধৰি এলভেৰাৰ ৰস সেৱন কৰিলে কলন (Colon ) কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে।

গৰ্ভাৱস্হাৰ সময়ত এলভেৰাৰ ৰস সেৱন কৰিলে জৰায়ুত (Uterus) সংক্ৰমণৰ সম্ভাৱনা থাকে। তদুপৰি দুগ্ধপান কৰোৱা মাতৃয়ে এলভেৰাৰ ৰস সেৱন কৰিলে পাকস্তলী সম্বন্ধীয় সমস্যা বৃদ্ধি পায়।

এলভেৰাৰ ৰস আৰু ফুৰছেমাইদ (Furosemide) নামৰ দ্ৰৱ একেলগে সেৱন কৰিলে শৰীৰত পটাছিয়ামৰ মাত্ৰা কমি যায়। পটাছিয়ামৰ মাত্ৰা কমি গলে তেজত শৰ্কৰাৰ (Blood sugar ) পৰিমানো কমি যায় । 

অধিক কটাছিঙা তথা পোৰা ছালত পোনপটীয়াকৈ এলভেৰাৰ প্ৰয়োগে ছালৰ ক্ষতিসাধন কৰিব পাৰে।

সামৰণি

বৰ্তমান সময়ত যিদৰে এলভেৰাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা বাঢ়িছে তাৰ জলন্ত উদাহৰণ হিচাপে বজাৰত পোৱা বিভিন্ন ঔষধ তথা সৌন্দৰ্য্যমূলক বস্তুতে এলভেৰাৰ গুৰুত্ব পূৰ্ণ উল্লেখ পোৱা যায়। সেয়েহে এলভেৰাৰ খেতি তথা ইয়াৰ আনুসংগিক সামগ্ৰী প্ৰস্তুতকৰণ নিবনুৱা সমস্যাৰ সমাধানৰ এক পথ হিচাপে গন্য হব পাৰে।

উক্ত প্ৰবন্ধটিত এলভেৰা সম্বন্ধে যোগান ধৰা তথ্য সমূহে আপোনাক ভিন্ন ধৰণে অন্যান্য ৰোগ তথা শাৰীৰিক সমস্যাত সহায় কৰিব বুলি আশা কৰিলো। ধন্যবাদ !

Reference :

  1. Healthyme magazine.
  2. Economic Botany, BP Pandey.
  3. জিএনআৰচি স্বাস্থ্য আলোচনী ।
  4. স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ আলোচনী।
  5. Internet Source : Wikipedia, vikaspedia.

Author: Chinmoy Munda

Leave a Reply