অশ্বগন্ধা উপকাৰিতা – Amazing Medicinal Plant Ashwagandha

অশ্বগন্ধা (Ashwagandha) হৈছে অন্যতম গুৰুত্বপূর্ণ আয়ুর্বেদ ভেষজ (Ayurvedic herb)। অথর্ববেদ অনুসাৰে, হাজাৰ হাজাৰ বছৰ ধৰি অশ্বগন্ধাৰ উপস্থিতি আৰু ব্যৱহাৰ লক্ষ্য কৰিব পৰা যায়। ভাৰতীয় চিকিৎসা শাস্ত্রৰ ইতিহাসত এটি ‘‘অত্যন্ত বিস্ময়কৰ ভেষজ’’ বা Adaptogen (মানসিক চাপ মুক্তি ) বুলি আখ্যা দিয়া হৈছে কাৰণ মানসিক চাপৰ উপসর্গ বা দুশ্চিন্তাৰ উপসর্গ কমোৱাত এই ভেষজ  ব্যৱহৃত হৈ আহিছে।

অশ্বগন্ধা উপকাৰিতা

Table of Contents

অশ্বগন্ধা উপকাৰিতা
অশ্বগন্ধা উপকাৰিতা

অশ্বগন্ধা নামটো আহিছে অশ্ব বা ঘোড়া ৰ দৰে গোন্ধ থাকে বাবে। এই নামটি আহিছে অশ্বগন্ধাৰ মূল , যত  ঘোড়াৰ প্রস্রাব বা ঘামৰ গোন্ধ দৰে পোৱা যায়। অতিৰিক্তভাবে আয়ুর্বেদ গবেষকসকলে বিশ্বাস কৰে যে, অশ্বগন্ধা গ্রহণ কৰিলে ঘোড়াৰ দৰে শক্তি (শাৰীৰিক শক্তি বা যৌনক্ষমতা) অর্জন কৰা যায়।

অশ্বগন্ধাৰ কিছু প্রাথমিক তথ্য (Some Basic Facts of Ashwagandha)

  • বৈজ্ঞানিক নাম (Scientific name of Ashwagandha): Withania Somnifera
  • সংস্কৃত নাম (Names in Sanskrit): অশ্বগন্ধা, বৰাহকর্নী,গোকৰ্ণ,বলদা, বাজীকৰী  ইত্যাদি৷
  • অশ্বগন্ধাৰ পুষ্টিগত গুনাগুন (Nutritious values of Ashwagandha)

তলৰ তালিকাত অশ্বগন্ধা পাউডাৰত থকা বিভিন্ন পুষ্টিৰ প্ৰতি 100 গ্ৰামত কিমান মূল্য পোৱা যায় সেই বিষয়ে অৱগত কৰা হৈছে-

পুষ্টি উপাদান অশ্বগন্ধা পাউডাৰ (প্ৰতি 100 গ্ৰামত)

  • Moisture –  7.45%
  • Ash – 4.41 g
  • Protein-  3.9 g
  • Fat-  0.3 g
  • Crude Fiber-  32.3 g
  • Energy- 245 Kcal
  • Carbohydrate- 49.9 g
  • Iron- 3.3 mg
  • Calcium- 23 mg
  • Total Carotene-  75.7 μg
  • Vitamin C-  3.7

অশ্বগন্ধাৰ উপকাৰিতা (Benefits of Ashwagandha)

১) মানসিক স্বাস্থ্যৰ উন্নতি ঘটায় (Improves Mental Health)

অশ্বগন্ধা এটি নাম থকা Adaptogen। দেখা যায় যে ,এই ভেষজে মানসিক চাপ(Mental Stress), অবসাদ (Anxiety), দুশ্চিন্তা কমায় আৰু মানসিক চাপ সংক্রান্ত সমস্যা যেনে উচ্চ ৰক্তচাপ আৰু ডায়বেটিচ প্রতিৰোধ কৰে।

২) ডায়বেটিচ নিয়ন্ত্রণ কৰে (Controls Diabetes)

গবেষণা কৰি  প্রকাশ পাইছে যে, অশ্বগন্ধা  উন্নতমানৰ ডায়বেটিচ প্রতিৰোধী (Anti-diabetes)। সমীক্ষাত দেখা গৈছে যে, যি ব্যক্তিৰ ডায়বেটিচ আছে সেই সকল ৰোগীৰ ক্ষেত্রত শৰীৰৰ ইনসুলিন(Insulin) ক্ষৰণৰ পৰিমাণ বৃদ্ধি কৰি ৰক্ত শর্কৰা(Blood sugar level)ৰ মাত্রা কমায়। তদুপৰি যাৰ ডাইবেটিচ আছে কেৱল তেওঁলোকৰ ক্ষেত্রতে নহয়, দেখা গৈছে যে স্বাস্থ্যবান ব্যক্তিৰ ক্ষেত্রতো ৰক্ত শর্কৰাৰ পৰিমাণ কমোৱাতো অশ্বগন্ধা কার্যকৰী। গতিকে প্রাত্যাহিক ৰুটিনত অশ্বগন্ধা ব্যবহাৰ  কৰাৰ আগে চিকিৎসকৰ পৰামর্শ লʼলে ভাল ৷

৩) আর্থাৰাইটিচৰ উপসর্গ কম কৰে (Reduces Arthritis Symptoms)

অশ্বগন্ধা  আর্থাৰিইটিচৰ ব্যাথা বা ফোলা কমায়। আয়ুর্বেদে আর্থাৰাইটিচক বাত নতুবা শৰীৰৰ পৰিপাক ক্রিয়া বা পিত্ত-ৰ অসামঞ্জস্যৰ লগত সম্পর্কিত বুলি উল্লেখ কৰা হৈছে, অশ্বগন্ধাই পিত্ত বৃদ্ধি কৰে আৰু  বাত আৰু কফ হ্রাস কৰে। অশ্বগন্ধা প্রদাহ (Inflammation) বিৰোধী গুণৰ কাৰনে ত্বকৰ সমস্য যেনে এগজিমা (Eczema), চৰায়চিচ (Psoriasis) ,চাল আৰু চুলিৰ সমস্যা (Skin & Hair problems) কমোৱাত সহায় কৰে।

 ৪) ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে (Increases Immunity)

গবেষণাত প্রকাশিত যে অশ্বগন্ধা হৈছে অসাধাৰণ Immunostimulatory (ৰোগ প্ৰতিৰোধক)। সংক্রমণৰ বিৰুদ্ধে শৰীৰৰ ৰোগ প্রতিৰোধ শক্তি বঢ়াই তোলে। Ashwagandha Tablet

৫) নিদ্রা গভীৰ কৰে (Deepens Sleep)

চাপ বা দুশ্চিন্তাৰ ফলত নিদ্ৰা হ্ৰাস পালে তেনে ক্ষেত্ৰত অশ্বগন্ধাই মস্তিস্ক ঠান্ডা কৰাত সহায় কৰে ফলত টোপনি খুব ভাল হয়।

৬) যৌন ক্ষমতা বঢ়ায় (Increases Sexual Potency)

অশ্বগন্ধা হৈছে এক টনিক (tonic) যি পুৰুষৰ যৌন ক্ষমতা উন্নত কৰি বীৰ্যৰ মানদণ্ড উন্নত কৰিব পাৰে। 2010 চনত কৰা এক অধ্যয়ন অনুসৰি, অশ্বগন্ধা ব্যৱহাৰ কৰিলে শুক্ৰাণুৰ উৎকৰ্ষতা আৰু লগতে ইয়াৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। এই গৱেষণা চাপৰ (oxidative stress, chemical stress আৰু mental stress)  ফলত fertility হ্ৰাস হোৱাৰ বাবে কৰা হৈছিল ৷         

অশ্বগন্ধা Tonic Price Check Amazon/Flipkart

৭) থাইৰয়ড প্রক্রিয়া উন্নত কৰে (Improves Thyroid Process)

ডিঙিত থকা পখিলা আকৃতিৰ থাইৰইড(Thyroid) গ্ৰন্থিয়ে অত্যাৱশ্যকীয় হৰমন(Hormone) প্ৰস্তুত কৰে। যেতিয়া এই হৰমন বোৰ ভাৰসাম্যহীন হৈ পৰে, শৰীৰৰ ওজন হ্ৰাস বা বেছি হবলৈ আৰম্ভ কৰে। ই আন বহুতো অসুবিধাৰ সৃষ্টি কৰে। এই পৰ্যায়টোক থাইৰইড বুলি কোৱা হয়।

থাইৰইদগ্ৰস্ত নিগনিৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে ঔষধ হিচাপে নিয়মীয়াকৈ অশ্বগন্ধা শিপা দিয়াৰ ফলত থাইৰইডৰ কাৰ্যক্ষমতা উন্নত হব পাৰে। লগতে, হাইপোথাইৰইড থকা ৰোগীৰ ওপৰত কৰা এক অধ্যয়নত (এক স্থিতি য’ত থাইৰইড গ্ৰন্থিয়ে পৰ্যাপ্ত থাইৰইড হৰমন প্ৰস্তুত নকৰে) অশ্বগন্ধাক থাইৰইডৰ বাবে উপকাৰী বুলি বিবেচনা কৰিছে । এই ভিত্তিত, এইটো ক’ব পাৰি যে থাইৰইডৰ সময়ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি অশ্বগন্ধা সেৱন কৰাটো লাভজনক হ’ব পাৰে।


৮) হৃদযন্ত্রৰ  ক্ষমতা বৃদ্ধি কৰে (Increases Heart Capacity)

অশ্বগন্ধাৰ cardioprotective প্ৰভাৱ আছে, যি হৃদযন্ত্ৰক স্বাস্থ্যৱান ৰখাত সহায় কৰিব পাৰে। এই প্ৰভাৱৰ কাৰণ হৈছে অশ্বগন্ধাত থকা antioxidant আৰু anti-apoptotic কাৰ্যকলাপ। ইয়াৰ উপৰিও, অশ্বগন্ধাত থকা hypolipidamic প্ৰভাৱে কলেষ্টেৰল হ্ৰাস কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰিব পাৰে। এই কাৰ্যকলাপৰ উপৰিও, Anti-inflammatory, Anti-platelet, Antihypertensive, Hypoglycemic প্ৰভাৱবোৰেও হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে৷

৯) মস্তিষ্কৰ স্বাস্থ্য বৃদ্ধি কৰে (Boosts Brain Health)

এটা গৱেষণাই দেখুৱাইছে যে অশ্বগন্ধাস্মৃতিশক্তি উন্নত কৰাৰ প্ৰভাৱ আছে আৰু লগতে জ্ঞান বৃদ্ধি কৰাৰ ক্ষমতা আছে। Cognizant হৈছে কিছুমান গুৰুত্বপূৰ্ণ মানসিক প্ৰক্ৰিয়াৰ সামূহিক নাম। সহজ ভাষাত ক’বলৈ গ’লে, অশ্বগন্ধাই এই মানসিক কাৰ্যকলাপ আৰু চিন্তা, অভিজ্ঞতা আৰু ইন্দ্ৰিয়ৰ (senses) জৰিয়তে বুজি পোৱাৰ সামৰ্থ্যৰ সৈতে সম্পৰ্কিত প্ৰক্ৰিয়াবোৰ উন্নত কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও, অশ্বগন্ধাত থকা Withnolides যৌগটোৱে স্নায়ু বিকাশ (Neurite outgrowth) ত সহায় কৰিব পাৰে।

১০) কৰ্টিচোলৰ স্তৰ হ্ৰাস কৰাত সহায়ক (Helpful in Reducing Cortisol Levels)

কৰ্টিচোল (Cortisol) হৈছে এক প্ৰকাৰৰ হৰমন, যাক ষ্ট্ৰেছ হৰমন (Stress Hormone) বুলিও কোৱা হয়। ই শাৰীৰিক পৰিৱৰ্তনৰ বাবে দায়ী হৰমনবোৰৰ ভিতৰত এটা। যেতিয়া তেজত এই হৰমনৰ স্তৰ বৃদ্ধি হয়, শৰীৰত চৰ্বি আৰু চাপৰ স্তৰও বৃদ্ধি হয়। ইয়াৰ ফলত শৰীৰৰ বিভিন্ন প্ৰকাৰৰ ক্ষতি হ’ব পাৰে। সেয়েহে, কৰ্টিচোলৰ স্তৰ হ্ৰাস কৰা প্ৰয়োজন। 

NCBI এ প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, অশ্বগন্ধা ব্যৱহাৰ কৰি কৰ্টিচোল হ্ৰাস কৰিব পাৰি। ইয়াৰ বাবে, আপুনি প্ৰতিদিনে 2.5g (250 mg)ৰ পৰা6g (600 mg) লৈ অশ্বগন্ধা পৰিপূৰক (Ashwagandha Supplement) গ্ৰহণ কৰিব পাৰে। মনত ৰাখিব যে আপুনি ইয়াক সেৱন কৰাৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ লব লাগিব। চিকিৎসকে শৰীৰৰ প্ৰয়োজনীয়তা অনুসৰি আৰু ইয়াক কেতিয়ালৈ সেৱন কৰিব লাগে তাৰ সঠিক পৰিমাণ ব্যাখ্যা কৰিব।

Ashwagandha supplement Price Check Amazon/Flipkart

১১)  সাপৰ  বিষনাশক (Reduces the Effect of Snake’s Venom)

সমীক্ষাত পোৱা গৈছে যে, সাপৰ কামোৰাৰ জেগাত অশ্বগন্ধাৰ প্রলেপ দিলে সাপৰ বিষ প্রশমিত হয় ৷ স্বাভাৱিকভাবে এটি চিৰাচৰিতভাৱে সাপৰ বিষনাশক হিচাবে প্রচলিত।

১২) ত্বকৰ কাৰনে উপকাৰী (Beneficial for Skin) 

Antioxidants সমৃদ্ধ উৎস হোৱাৰ কাৰনে অশ্বগন্ধা এটি প্রকৃত বার্ধক্য প্রতিৰোধী ভেষজ(Anti-ageing Herb)। বয়ঃবৃদ্ধিৰ প্রাথমিক উপসর্গ ৰোধ কৰে আৰু শুষ্ক ত্বক (Dry Skin) ,বলিৰেখা (Wrinkles) ইত্যাদি লগতে শৰীৰ ৰক্ষা কৰে।    

অশ্বগন্ধাত পৰ্যাপ্ত Anti-inflammatory গুণ আছে। এই অৰ্থত, এইটো ক’ব পাৰি যে ই ছালৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে। দৰাচলতে, ছালৰ সংক্ৰমণৰ বাবে দায়ী আটাইতকৈ সচৰাচৰ বেক্টেৰিয়া হৈছে Staphylococcus Aureus, যাৰ ফলত মুখ(face) ফুলিব পাৰে। এই সংক্ৰমণৰ বাবে দায়ী বেক্টেৰিয়া নিষ্ক্ৰিয় কৰিলে অশ্বগন্ধাত থকা antibacterial গুণাগুণ ছালৰ প্ৰদাহ হ্ৰাস কৰিব পাৰে। ছাল ফুলা ঠাইত অশ্বগন্ধা পেষ্ট প্ৰয়োগ কৰিব পাৰি।

Ashwagandha Face pack Price Check Amazon/Flipkart

১৩) চমৎকাৰী কেশ টনিক (Fantastic Hair Tonic)

অশ্বগন্ধা চুলিৰ পুষ্টি যোগান ধৰে, চুলি সৰা কমোৱাত সহায় কৰে আৰু চুলি দীঘল আৰু উজ্জ্বল কৰে। Antioxidants থকাৰ কাৰণে অকালতে চুলি পকা আৰু চুলি সৰা বন্ধ হয়।

অশ্বগন্ধা পাউডাৰৰ লাভালাভৰ ভিতৰত আছে চুলি স্বাস্থ্যৱান ৰখা আৰু ক্ষতি প্ৰতিহত কৰা। NCBI দ্বাৰা প্ৰকাশিত এক গৱেষণা অনুসৰি, অশ্বগন্ধাই আনুবংশিক কাৰণ (Non-classical Adrenal Hyperplasia) আৰু থাইৰইডৰ ফলত চুলি সৰা প্ৰতিহত কৰাত সহায় কৰিব পাৰে। অশ্বগন্ধাই চুলিৰ Melanin বৃদ্ধি কৰিব পাৰে, যি চুলিৰ ৰং ৰাখে৷

Ashwagandha powder easily available to Amazon/Flipkart

১৪) ৰজঃস্রাবৰ উপসর্গ হ্রাস কৰে (Reduces Symptoms of Bleeding)

অশ্বগন্ধাৰ মানসিক চাপ প্রতিৰোধী ক্ষমতা থকা হেতুকে  মহিলাসকলৰ ঋতুচক্র চলা সময়খিনি(Period of Menstrual cycle)ত  চাপ, দুশ্চিন্তা কমায়, হৰমোন নিঃসৰন সমতা আনে, ৰজঃস্রাবৰ উপসর্গ হ্রাস কৰে।

অন্যান্য: 

  • নিদ্রাহীনতা (Insomnia),
  • টিউমাৰ (Tumor),
  • যক্ষ্মা (Tuberculosis),
  • এজমা বা হাঁপানি (Asthma),
  • লিউকোডার্মা (Leucoderma),
  • ব্রঙ্কাইটিস (Bronchitis),
  • Fibromyalgia, Adrenal fatigue জাতীয় ৰোগৰ ক্ষেত্রত অশ্বগন্ধাৰ উপকাৰিতা দেখা যায়।
অশ্বগন্ধাৰ নিয়মিত সেৱনত সৌন্দৰ্য, বল, ক্লান্তি আৰু শক্তি আদি বৃদ্ধি হৈ দীৰ্ঘায়ুপ্ৰাপ্ত হয় ৷ বেয়া সপোন দেখি শুক্ৰস্খলন হলে, হঠাতে সংজ্ঞাহীন হৈ পৰা ৰোগত, শৌচৰ নাড়ীত ঘাঁ হ’লে ইত্যাদি ৰোগত ইয়াৰ ব্যৱহাৰ অতি উপযোগী ৷

Suggested:

অশ্বগন্ধাৰ পাৰ্শ্বক্ৰিয়া (Side Effects of Ashwagandha)

  • অশ্বগন্ধাৰ স্বাস্থ্যৰ লাভালাভ বহু, কিন্তু অতিৰিক্ত বা অধিক সময় ব্যৱহাৰ কৰিলে আপোনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে।
  • অতিৰিক্ত থাইৰইড হৰমনৰ সৈতে থাইৰইড ঔষধ গ্ৰহণ কৰিলে ক্ষতি হʼব পাৰে, যাৰ ফলত ৰোগীৰ সমস্যা হ’ব পাৰে।
  • গৰ্ভাৱস্থাৰ সময়ত অশ্বগন্ধা ব্যৱহাৰ কৰিলে গৰ্ভপাত পাৰে। ই ভ্ৰূণৰ ক্ষতিকৰিব পাৰে সেয়েহে গৰ্ভৱতী বা স্তন্যপান কৰাই থকা মহিলাসকলে অশ্বগন্ধা গ্ৰহণ কৰা পৰিহাৰ কৰিব লাগে।
  • পাকস্থলীত জ্বলাপোৰা ইয়াৰ আটাইতকৈ সচৰাচৰ পাৰ্শ্বক্ৰিয়া।
  • যদি পাকস্থলীত আলচাৰ (Ulcer) থাকে, ইয়াক ব্যৱহাৰ নকৰিব৷ আলচাৰত ভোগা ৰোগীৰ বাবে এই ভেষজবিধ অপকাৰী প্ৰমাণিত হʼব পাৰে।
  • অত্যাধিক গ্ৰহণ কৰিলে অশ্বগন্ধা অতিৰিক্ত টোপনি বৃদ্ধি কৰিব পাৰে৷
  • কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত অৱসাদ হʼব পাৰে। সেয়েহে, অশ্বগন্ধা সেৱন কৰোঁতে সুৰা আৰু অন্যান্য ড্ৰাগৰ পৰা আঁতৰি থকা উচিত

সামৰণি

উক্ত প্ৰবন্ধটিৰ পৰা আপোনি অশ্বগন্ধাৰ এক সাধাৰণ পৰিচয়, ইয়াৰ পুষ্টিগত গুণাগুণ, উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জানিব পাৰিলে। আশা কৰোঁ অশ্বগন্ধা সম্বন্ধীয় এই প্ৰবন্ধটিত অন্তৰ্ভূক্ত বৰ্ণনাসমূহে আপোনাক বিভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ !

 Disclaimer: The information included at HelthyLeaf is for educational purposes only and is not intended to be a substitute for medical treatment by a healthcare professional. Because of unique individual needs, the reader should consult their physician to determine the appropriateness of the information for the reader’s situation. 

Author: Mitali saikia

Leave a Reply